विज्ञानवादिनां ज्ञानं सत्यं प्रत्येत्यसत्यताम् ।
बहिः कथं नह्यसत्यं सत्याद्भवितुमर्हति ॥३३॥
vijñānavādināṃ jñānaṃ satyaṃ pratyetyasatyatām |
bahiḥ kathaṃ nahyasatyaṃ satyādbhavitumarhati
বিজ্ঞানবাদীসকলৰ বাবে জ্ঞান সত্য, (তথাপি) সি এক অসত্যতা (বাহ্যক) প্ৰত্যয় (গ্ৰহণ) কৰে — বাহিৰত (অসত্যক) কেনেকৈ (প্ৰত্যয় কৰিব)? কিয়নো অসত্য সত্যৰ পৰা হ’বলৈ অৰ্হ (যোগ্য) নহয়।