भावस्य भावजनने युक्तत्वं न क्षणस्थितेः ।
न घटाद्घटसम्भूतिः समवायाद्यपेक्षया ॥५३॥
bhāvasya bhāvajanane yuktatvaṃ na kṣaṇasthiteḥ |
na ghaṭādghaṭasambhūtiḥ samavāyādyapekṣayā
ক্ষণস্থিতি (-বাদ)ত এক ভাৱৰ (আন এক) ভাৱ জন্মোৱাৰ যুক্তিযুক্ততা নাই; আৰু (বাস্তৱবাদীৰ মতে) ঘটৰ পৰা ঘটৰ সম্ভূতি নহয়, সমৱায় আদিৰ অপেক্ষাৰ কাৰণে (যাক ক্ষণিকবাদীয়ে অস্বীকাৰ কৰে)।