नामसंस्थानभेदश्चेद्धस्ते मुष्ट्याद्यभेदिता ।
स्थितमेव हि सत्कार्यमत एवाविनाशिता ॥५३॥
nāmasaṃsthānabhedaśceddhaste muṣṭyādyabheditā |
sthitameva hi satkāryamata evāvināśitā
যদি (কোৱা হয়) কেৱল নাম আৰু সংস্থানৰ (আকৃতিৰ) ভেদ — (চাব) হাতৰ ক্ষেত্ৰত মুষ্টি আদি (হাতৰ পৰা) ভিন্ন নহয়। গতিকে সৎকাৰ্য দৃঢ়ৰূপে স্থিত, আৰু এই কাৰণেই (ইয়াৰ) অবিনাশিতা।