यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥
३-१७ ॥
yaścātmaratireva syādātmatṛptaśca mānavaḥ |
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||
3-17 ||
কিন্তু যি মানুহ আত্মাতেই ৰত, আত্মাতেই তৃপ্ত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ বাবে কৰিবলগীয়া একো নাথাকে।